damnlyrics.com

Oo Runjun Bohagote

ল'ৰা:-ৰুণ জুন বহাগতে হেনো তোমাৰ বিয়া ৰুণ জুন কৰে পৰা নো আহিব তোমাৰ দৰা(2)

ৰুণ জুন হুমৰ জুই জ্বলিব দুপৰ নিশা

ৰুণ জুন তোমাক মোৰ পাবলৈ বহুত আশা(2)

মা হালধীৰে নোৱাব ধোৱাব লগৰ সমনীয়াই আনন্দ কৰিব(2) অ' জান অই মোৰ জান অই (সঁচাই জানো মোৰলৈ তোমাৰ মনত পৰিব)2

ছোৱালী:- মনত পৰে সোণ তোমালৈ চাই থাকোঁ মই বাটলৈ

কেতিয়াকৈ সোণ আহিব মোৰে হিয়াৰ কাষলৈ(2)

মা দেউতাই নিদিয়ে তোমালে যাবলৈ

মনে মোৰ বিচাৰে তোমাকে পাবলৈ(2)

অ' জান অই অ' সোণ অই

(কেনেকৈনো তোমাক এৰি যাম মই আনলৈ)2

ল'ৰা:- অ' ৰুণ জুন তোমাৰ মা দেউতাৰাই নুবুজিলে মোক

কোনোদিনেই নুগুচিব দুখীয়াৰ দুখ(2)

অ' ৰুণ জুন স্বামীৰে চৰণত জনাবা সেৱা

তোমাৰ সংসাৰ খন হওঁক জান সুখে ভৰা

তোমাৰে চকুলৈ চকুলো নানিবা

অতীতৰে কথা মনত নেপেলাবা(2)

অ' জান অই অ' জান অই (সদায় নো সোণ তোমাৰ মুখত হাঁহি ৰাখিবা)2

ছোৱালী:- বিধাতাৰে বিধান মানি যামেগৈ তোমাক এৰি

বিধীয়ে নিদিলে বান্ধি আমাৰে মিলন জৰী(2)

দেউতা অভিমানী নুবুজিল বুজনি

মনে সজা ফুলনি পেলালে মোহাৰি(2)

অ' জান অই অ' সোণ অই সকলো দুখ মোৰে বুলি ক্ষমিবা তুমি(3)

Lyrics Submitted by Nitish Kumar Das

Enjoy the lyrics !!!