DamnLyrics - The center provides all the lyrics

Borokha Tumar - Rupam Bhuyan



     
Page format: Left Center Right
Direct link:
BB code:
Embed:

Borokha Tumar Lyrics


বৰষা তোমাৰ মেঘালী চকুত
কিহৰ ইমান বেদনা ।।
বৰষা তোমাৰ মেঘালী চকুত
কিহৰ ইমান বেদনা ।।
নিগৰি পৰা অশ্ৰুজলত
কিহৰ ইমান যাতনা
কিহৰ ইমান যাতনা
বৰষা তোমাৰ মেঘালী চকুত
কিহৰ ইমান বেদনা ।।
কজলা মেঘৰ নিজন পথেৰে
কিয়নো আহিছা নামি ।
কজলা মেঘৰ নিজন পথেৰে
কিয়নো আহিছা নামি ।।
তোমাৰ চকুত হাজাৰ প্লাৱন
তোমাৰ চকুত হাজাৰ প্লাৱন
কোনেনো দিছেহি সানি ।

কিমান হুনাবা দুখৰ বাঁহীটি
কিমান বুকুত বেদনা
কিমান বুকুত বেদনা ।
বৰষা তোমাৰ মেঘালী চকুত
কিহৰ ইমান বেদনা ।।
অশ্ৰুজলেৰে তথাপি ফুলুৱা
মৰহা ফুলৰ পাহি ।
অশ্ৰুজলেৰে তথাপি ফুলুৱা
মৰহা ফুলৰ পাহি ।।
জীপাল কৰাহি জুৰিৰ বুকু
জীপাল কৰাহি জুৰিৰ বুকু
শাওনী মেঘেৰে সাজি
তোমাৰ অশ্ৰুত আছেহি লুকাই
সৃষ্টিৰ নৱপ্ৰেৰণা ।
সৃষ্টিৰ নৱপ্ৰেৰণা ।।
বৰষা তোমাৰ মেঘালী চকুত
কিহৰ ইমান বেদনা ।।

Enjoy the lyrics !!!