O Bandhu Samoy Paale - Dipali Barthakur



     
Page format: Left Center Right
Direct link:
BB code:
Embed:

O Bandhu Samoy Paale Lyrics


Artist: দিপালী বৰঠাকুৰ
Lyrics & Music: ৰুদ্ৰ বৰুৱা
ইউনিক'ড ৰূপান্তৰঃ- অভিজিত কলিতা
---------------------------------
বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা
বন্ধু................
সময় পালে আমাৰ ফালে এবাৰ আহি যাবা,
[এবাৰ আহি যাবা] -২
[সহজ সৰল গাঁৱৰ জীৱন ক্ষন্তেক ৰৈ চাবা]-২
[এবাৰ আহি যাবা]-২
যানবাহনৰ সুযোগ নাই
আঁওহতীয়া আমাৰ ঠাই,
[বাট বোলোতে হয়তো বন্ধু অনেক দুখেই পাবা] -২
[অনাহাৰে দিন কটাও তাত গধূলিও পূৱা]-২
[এবাৰ আহি যাবা]-২
খেৰ বাঁহৰ অনেক পঁজা গাঁও ভৰি পাবা

দন খৰিয়াল শুনি শুনি তাতে অকণ ৰ’বা,
নাঙঠ শিশুৰ ধূলিৰ খেলা ৰৈ ৰৈ তাতে চাবা;
অশিক্ষীতা লাজুকীহঁত কাষলৈ নেমাতিবা
[চহৰৰ পৰা কিবা নিলে দূৰৈৰ পৰাই দিবা]-২
[এবাৰ আহি যাবা]-২
পিয়াহ লাগি বন্ধু তুমি নুখুজিবা পানী
খাল বিলৰ ঘোলা পানী নিদিও তোমাক আনি
ফেঁচাৰ চিঞৰ নুশুনিবা, হয়তো বন্ধু ভয় খাবা,
[লাহে লাহে চহৰলৈ বাটটি ভিৰাই লবা,]-২
আমাৰ গাঁৱৰ ছবি খনি মনত আঁকি নিবা;
বন্ধু..বন্ধু..বন্ধু..
---------------------
Lyrics Submitted by Shaykh Asadullah

Enjoy the lyrics !!!